চৰ্ত নহয়, ঋণ মাফ কৰক! মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি ঋণগ্ৰস্ত মহিলাৰ সেৱা প্ৰাৰ্থনা…

June 17, 2021 0 By Biraj Kalita

ৰাজ্যৰ চৌদিশে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত আৰম্ভ হৈছে উত্তাল প্ৰতিবাদ।

চৰ্ত অবিহনে মাইক্ৰ’ফাইনেন্সৰৰ ঋণ পৰিশোধ কৰিবলৈ দাবী জনাই নগৰবেৰাৰ যোগীপাৰাতো একাংশ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ।

ঋণগ্ৰস্ত মহিলা সকলৰ দাবী—

‘ভগৱানে সুমতি দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।’

‘চৰ্ত নহয়, মাফ কৰি দিয়ক মাইক্ৰ’ফাইনেন্সৰ ঋণ।’

প্ৰথম বেলগছৰ তলত ধূপ-চাকি জ্বলাই মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি ভগৱান শিৱৰ চৰণত কৰিলে প্ৰাৰ্থনা।

তাৰ পিছতেই মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰাৰ দাবীৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভাত মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু চৰকাৰ গঠনৰ পিছতে মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰাৰ ক্ষেত্ৰত চৰাকাৰে বিভিন্ন চৰ্ত আৰোপ কৰাত ক্ষোভিত হৈ পৰিছে এইসকল ঋণগ্ৰস্ত মহিলাসকল।