ছ’চিয়েল মিডিয়াত ‘আলফা জিন্দাবাদ’ ধ্বনিৰ প’ষ্ট দি গ্ৰেপ্তাৰ যুৱক

January 30, 2021 0 By Dighanta Kumar

নিউজ ডেস্ক। ছ’চিয়েল মেডিয়া ব্যৱহাৰ কৰোতে সাৱধান হওঁক, অন্যথা বিতৰ্কিত মন্তব্যৰ বাবে আইনৰ ৰােষত পৰিব পাৰে আপুনি। তেনে এক ঘটনা সংঘটিত হ’ল লামডিঙত।

সামাজিক মাধ্যমত নিষিদ্ধ ঘােষিত সংগঠন আলফা (স্বাধীন)ৰ সমৰ্থনত প’ষ্ট দি আইনৰ ৰোষত পৰিলে এজন যুৱক।

জানিব পৰা মতে, মুৰাবস্তিৰ নিবাসী ৰাজু নাথ ওৰফে বিষ্ণু চন্দ্ৰ নাথে নিজৰ ফেচবুক প্ৰ’ফাইলত লিখিছিল ‘আলফা জিন্দাবাদ’।

পৰৱৰ্তী সময়ত এই বিষয়ে তথ্য লাভ কৰি অসম আৰক্ষীৰ চাইবাৰ চেলৰ খবৰৰ ভিত্তিত লামডিঙ আৰক্ষীয়ে আটক কৰে যুৱক জনক।

এই ঘটনা সংক্ৰান্তত লামডিঙ আৰক্ষীয়ে 14/21 নম্বৰ গোচৰত 294 এ 506 আই পি চি R/W 13 UA(P) act & R/W 45 আই টি এক্টৰ অধীনত আটক কৰি নগাওঁ জেললৈ প্ৰেৰণ কৰে।