ছয়গাঁৱত ৰে’ল দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা শ শ যাত্ৰীৰ
August 25, 2021নিউজ ডেস্ক। দক্ষিণ কামৰূপৰ ছয়গাঁও ৰে’ল ষ্টেচনৰ নিচেই সমীপত বুধবাৰে এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়।
শৰাইঘাট এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হৈ কথমপি প্ৰাণ ৰক্ষা শ শ যাত্ৰীৰ।
গুৱাহাটীৰ পৰা হাওৰা অভিমুখে আহি আছিল শৰাইঘাট এক্সপ্ৰেছখন।
ছয়গাঁৱৰ ধবাৰগাঁৱত যাত্ৰীবাহী ৰে’লখনৰ পাঁচটাকৈ ডবা লাইনচ্যুত হৈ ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৰে’লখনত অহা শ শ যাত্ৰী।
ৰে’লখনৰ ডবা লাইনচ্যুত হৈ সৌভাগ্যক্ৰমে দ খাৱৈত নপৰি ৰে’ল লাইনৰ কাষলৈ গতি কৰে ফলত প্ৰায় ৪-৫টা ডবা বিকল হৈ পৰে।
দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনৰ যাত্ৰীসকলক অঞ্চলটোৰ ৰাইজৰ সহযোগত নিৰাপদ স্থানলৈ নিয়া হোৱা বুলি জানিব পৰা গৈছে।
পাছত ঘটনাস্থলীত উপস্থিত হৈ ৰে’ল বিভাগ তথা আৰক্ষীৰ লােকে ঘটনাৰ প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।