ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকঃ ৫নং দফা প্ৰত্যাহাৰ, দশম, দাদ্বশ শ্ৰেণীৰ মাৰ্কশ্বিট প্ৰযোজ্য হ’ব চৰকাৰী চাকৰিত
July 8, 2021হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বৈঠক।
সদৌ অসম ছাত্ৰ সন্থা, এবছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।
বৈঠকত ঐক্যমতত উপনীত সকলো, পৰীক্ষা সন্দৰ্ভত অৱশেষত লোৱা হল সিদ্ধান্ত।
এই বৈঠকত বাতিল কৰা হৈছে পূৰ্বৰ প্ৰতিবেদনৰ ৫ নং দফা।
ইয়াৰ জড়িয়তে চেপ্তেম্বৰ মাহত কোনো পৰীক্ষা অনুষ্ঠিত নহয় বুলি স্পষ্ট ৰূপত সদৰি কৰে শিক্ষা মন্ত্ৰীয়ে।
সকলো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব একেখন মাৰ্কশ্বিট।
কেৱল শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ভৱিষ্যতে অনুষ্ঠিত হ’ব পৰীক্ষা।
অদূৰ ভৱিষ্যতে এটা পৰীক্ষাৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। সেয়া পৰীক্ষা কোনো চাকৰিৰ বাবে দিয়া পৰীক্ষাৰ লেখিয়া হব।
আনহাতে বেটাৰমেণ্ট দিব বিচৰা সকলে ৪ নং দফা অনুসৰিয়েই পৰীক্ষা দিব পাৰিব। পৰিস্থিতি ভাল হলেই অনুষ্ঠিত কৰা হব সেই পৰীক্ষা। ৩১ আগষ্টৰ পূৰ্বেই ঘোষণা কৰা হব ফলাফল। সেই ফলাফল অনুসৰিয়েই বেটাৰমেণ্ট দিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে।
বৈঠকৰ অন্তত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়- কভিডৰ বাবে শিক্ষাৰ্থী সকল দোষী নহয়। সেয়ে আলোচনা মৰ্মে অসমৰ চৰকাৰৰ জাননীৰ ৫ নম্বৰ দফা প্ৰত্যাহাৰ কৰিছে। চৰকাৰে আছুৰ দাবী মানী লৈছে।