ছুইফ্ট-পালচাৰৰ সংঘৰ্ষত মহিলাৰ মৃত্যু, গুৰুতৰভাৱে আহত পুত্ৰ

July 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বজালীৰ টংলাত ভংয়কৰ পথ দুৰ্ঘটনা।

ছুইফ্ট বাহন আৰু পালচাৰ বাইকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় এগৰাকী মহিলা। গুৰুতৰভাৱে আহত এগৰাকী যুৱক।

উল্লেখ্য যে, দিনৰ প্ৰায় ৯-৩০ বজাত এ এছ ০১ ডি বি ৩২৮৬ নম্বৰৰ পালচাৰ বাইকখন পাঠশালাৰ পৰা ছিমলাগুৰি অভিমুখে গৈ থকা অৱস্থাত এ এছ ০১ ই এম ৪০৮১ ছুইফট বাহনখনে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় বাইকখনৰ আৰােহী পাঠশালাৰ হৰিপুৰ বৰুৱাপাৰা নিবাসী হিমানী গােস্বামী নামৰ এগৰাকী মহিলা।

মৃত হিমানী গােস্বামী (৫২) বৰপেটাৰােড স্থিত কাৰ্যালয়ৰ কনিষ্ঠ সহায়কৰ কৰ্মৰত আছিল।

আনহাতে, গুৰুতৰভাৱে আহত হোৱা হিমনী গোস্বামীৰ পুত্ৰ কৌশিক গোস্বামী (২৬)ক পাঠশালাৰ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনা সংঘটিত কৰা ছুইফ্ট বাহনখনৰ চালকক কৰায়ত্ব কৰে ভৱানীপুৰ আৰক্ষীয়ে।