ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ দেহাৱসান…

May 17, 2021 0 By Biraj Kalita

ৰাজ্যবাসীৰ বাবে এক দুঃখবৰ।

ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী আৰু নাই।

কৰ’ণাত আক্ৰান্ত আছিল প্ৰয়াত গোস্বামী।

দেওবাৰে ক’ভিড পজিটিভ ধৰা পৰিছিল প্ৰয়াত গোস্বামীৰ দেহত।

কিডনীৰ জটিল ৰোগতো ইতিমধ্যে আক্ৰান্ত হৈ আছিল গোস্বামী।

গুৱাহাটীৰ উজান বজাৰস্থিত নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ৮০ বছৰ হৈছিল।

প্ৰয়াত গোস্বামীয়ে পত্নী, একমাত্ৰ পুত্ৰ-বোৱাৰী, একমাত্ৰ জী-জোঁৱাই আৰু নাতি-নাতিনীক এৰি থৈ যায়।

উল্লেখযোগ্য যে প্ৰয়াত গোস্বামী ২০০১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ ছয়গাঁও সমষ্টিৰ পৰা অৱতীৰ্ণ হৈ বিপুল ভোটত জয়ী হ’বলৈ সক্ষম হৈছিল।

১৯৯১ চনতো ছয়গাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছিল যদিও সেইবাৰ পৰাজিত হৈছিল