ছয়গাঁৱত বৃহৎ পৰিমাণৰ চুলাইসহ আৰক্ষীৰ জালত দুজন…
June 14, 2021ড্ৰাগছৰ সমান্তৰালকৈ চুলাইৰ বিৰুদ্ধেও ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান৷
দেওবাৰে নিশা কামৰূপৰ ছয়গাঁৱত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ চুলাই মদ৷
তদুপৰি আৰক্ষীৰ অভিযানত আটক হৈছে দুজন লোক৷
দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ টকৰাদিয়াত আৰক্ষী এটা দলে চলাইছিল এই অভিযান।
উল্লেখ্য যে, দেওবাৰে নিশা প্ৰায় ১২.৩০ মান বজাত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰৰ ভিত্তিত কুকুৰমাৰা আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৫০০ লিটাৰ চুলাইৰ লগতে দুজন লোকক আটক কৰে।
আটক কৰা লোক দুজন কুকুৰমাৰাৰ ধীৰাজ দাস (৩২) আৰু কুকুৰমাৰাৰ মুনু দাস (১৯) বুলি জানিব পৰা গৈছে।
ইতিমধ্যে আটক কৰা লোক দুজনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।