ছয়গাঁৱৰ সাতপাৰাত ৰাভা নৃত্যৰ ১০ দিনীয়া কৰ্মশালা আৰম্ভ

December 8, 2021 0 By NEWS DESK

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২০১৯-২০ বৰ্ষৰ বিত্তীয় বৰ্ষৰ অৰ্থ সাহায্যৰে ‘কাঢ়ানল- দা ফিলিংছ অফ ক্ৰিয়েছন’ নামৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানটোৰ উদ্যোগত মংগলবাৰ পৰা ছয়গাঁও সমষ্টিৰ সাতপাৰা ৰংগমঞ্চত দহদিনীয়া বহুৰঙীয়া আৰু ধাৱা লোকনৃত্য কৰ্মশালাৰ আয়োজন কৰা হয়।

অহা ১৬ ডিচেম্বৰলৈ চলিবলগীয়া এই কৰ্মশালাখনৰ আজি বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্যা জ্যোতিকা ৰাভাই।

এই উপলক্ষে এখন মুকলি সভাত সভাপতিত্ব কৰে ক্ৰিয়েছনৰ সভাপতি তথা আৰছুৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰদীপ ৰাভাই।

সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই ৰাভা জাতি, সংস্কৃতিক দিশত চহকী জাতি বুলি উল্লেখ কৰি এই জাতিৰ নৃত্য-গীত বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰে।

ক্ৰিয়েছনৰ সম্পাদক জ্যোতিপ্ৰসাদ ৰাভাই পৰিচালনা কৰা সভাখনৰ পূৰ্বেই বাঁহী বজাই পৰিৱেশ জীপাল কৰি তোলে অতুল ৰাভা আৰু তেওঁৰ সহযোগী জানমনি নাথে।

সভাত কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভাই নৃত্য সংৰক্ষণ কৰাৰ লগতে সকলো গীত-নৃত্য শিকিবলৈ নৱপ্ৰজন্মক অনুৰোধ জনাই।

সভাত সাৰ্যবাহী সদস্য ৰশ্মিবালা ৰাভা, ফ্ৰাইনীল আৰ মাৰাক, নিখিল ৰাভা মহিলা পৰিষদৰ সম্পাদিকা বিচিত্ৰা ৰাভা, সাধাৰণ সদস্য ক্ৰমে দিলীপ ৰাভা, উদ্বৱ ৰাভা, পঞ্চমী ৰাভা, ছয়গাঁও আৰছুৰ সভাপতি জীতেন ৰাভা, সাংস্কৃতিক সম্পাদক ফুলেশ্বৰ ৰাভা, অসীম ৰাভা, শিক্ষক তথা স্থানীয় সমাজ কৰ্মী মিহিৰ জ্যোতি দাস প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।