জনাঞ্চলত উদ্ধাৰ হ’ল মাতৃৰ পৰা বিচ্ছিন্ন এমহীয়া হাতী পােৱালি
November 11, 2020নিউজ ডেস্ক। ৰাজ্যত ক্ৰমাৎ জটিল ৰূপ লৈছে হাতী-মানুৰ সংঘাত। এই সংঘাতৰ বাবে ক্ষতি হৈছে হস্তীকুলৰ লগতে মানুহৰ।
ইপিনে, বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ ঘটা এটা এমহীয়া হাতীৰ পােৱালিক লৈ কৌতূহলৰ সৃষ্টি হ’ল নগাঁও জিলাৰ কামপুৰত।
জানিব পৰা মতে, কামপুৰৰ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লংজাপ পদুমণি পাহাৰতলীত এটা এমহীয়া হাতীৰ পোৱালী উদ্ধাৰ কৰে স্থানীয় ৰাইজে ।
বন বিভাগে আশংকা কৰা মতে, নিশা এটা হাতীৰ জাকে খাদ্য সন্ধানত পাহাৰেদি পাৰ হওঁতে পাহাৰৰ ওপৰৰ পৰা পৰি হাতীৰ পোৱালিটো আঘাতপ্ৰাপ্ত হয়।
পিছত স্থানীয় লোকে বনবিভাগক খবৰ দিয়াত বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ পোৱালি উদ্ধাৰ কৰে।
বৰ্তমানে হাতী পােৱালিটােৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে উক্ত অঞ্চলতাে দীৰ্ঘদিনৰ পৰাই হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে।