জম্মুৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ অসমৰ বোৱাৰী…

July 3, 2021 0 By Biraj Kalita

জম্মুত উদ্ধাৰ হৈছে এগৰাকী অসমৰ বোৱাৰী।

জাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত শিংগিৰপাৰৰ এগৰাকী বিবাহিতা মহিলা পিতৃগৃহৰ পৰা পুৱা নীলবাগানৰ ভেকচিন কেন্দ্ৰলৈ যোৱাৰ পথৰ পৰা সন্ধানহীন হয়।

২৪ জুনত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা৷

ঘটনা সন্দৰ্ভত মোৰাঝাৰ থানাত মহিলাগৰাকীৰ পিতৃয়ে গোচৰ ৰুজু কৰে।

ইয়াৰ পিছতে হোজাই আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থ, অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা, উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি লাভ কৰে বহু বিস্ফোৰক তথ্য৷

জম্মুত বাস কৰা এজন যুৱকে মহিলাগৰাকীক ফুচলাই জম্মুলৈ নিয়াৰ তথ্য আৰক্ষীয়ে লাভ কৰে।

তাৰ পিছতে হোজাই আৰক্ষীয়ে জম্মু আৰক্ষীৰ লগত যোগাযোগ কৰি জম্মু আৰক্ষীয়ে এটি নিষিদ্ধ গলীৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক৷

শনিবাৰে আৰক্ষীয়ে মহিলা গৰাকীক জম্মুৰ পৰা উদ্ধাৰ কৰি উপস্থিত হয় হোজাইত৷ তাৰ পিছতে মহিলাগৰাকীক শংকৰদেৱনগৰ আদালতত হাজিৰ কৰায় আৰক্ষীয়ে৷

আৰক্ষীয়ে জনোৱা অনুসৰি জম্মুৰ এজন যুৱকে ফোনযোগে প্ৰলোভন দি যুৱতীগৰাকীক লৈ যায় জম্মুলৈ৷

জম্মুৰ কোনো নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত মহিলাগৰাকীক চমজাই দিয়াৰ সময়তে হোজাই আৰক্ষীৰ তৎপৰতাত জম্মু আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক৷

ইতিমধ্যে যুৱকজনৰ লগত মহিলাগৰাকীয়ে যোগাযোগ কৰাৰ বহু তথ্য আৰক্ষীয়ে লাভ কৰিছে৷

উল্লেখ্য যে, এই পৰ্যন্ত যুৱকজনত আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।