জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

April 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ জম্মু-কাশ্মীৰৰ চােপীয়াত সেনা-আৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।

শনিবাৰে উৰে নিশা হোৱা সংঘৰ্ষত ২ সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে দেওবাৰে নিহত হয় এজন।

বৰ্তমানলৈকে নিহত হৈছে তিনি সন্ত্ৰাসবাদীৰ। আনফালে অনন্তনাগৰ বিজবেহাৰতো সংঘটিত হৈছে সংঘৰ্ষ।

আৰক্ষীৰ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি, কাশ্মীৰৰ চােপীয়া জিলাৰ হাদিপুৰাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সন্দৰ্ভত খবৰ খবৰ লাভ কৰা হয়। লগে লগে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলত অনুসন্ধান অভিযান আৰম্ভ কৰে। তাত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীবৰ্ষণ কৰে।

লগে লগে নিৰাপত্তা বাহিনীয়েও সন্ত্ৰাসবাদীলৈ গুলীবৰ্ষণ কৰে। দুয়ো পক্ষৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

ইয়াৰোপৰি অনন্তনাগত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ উমান পায় নিৰাপত্তা বাহিনীয়ে অভিযান চলায়। সেই ঠাইতো সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

উল্লেখ্য যে শুকুৰবাৰৰ দিনাও চােপীয়াৰ এক মছজিদত সোমাই থকা ৫ সন্ত্ৰাসবাদী নিহত হৈছিল। বৃহস্পতিবাৰেও জম্মুহল্লা অঞ্চলত আত্মগোপন কৰি থকা তিনি সন্ত্ৰাসবাদী নিহত হৈছিল সেনাৰ গুলীত।

লগতে চাওকঃ

বৃহৎ সফলতা! কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বীসহ ৭ সন্ত্ৰাসবাদী সংঘৰ্ষত নিহত