জলজলী নৈত উদ্ধাৰ মৃত শিহু
December 28, 2021নিউজ ডেস্ক। কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাত মৃত শিহু উদ্ধাৰকলৈ অঞ্চলটোত চাঞ্চল্য।
জলজলী নৈৰ বালিচৰত মৃত অৱস্থাত উদ্ধাৰ দুষ্প্ৰাপ্য এটি প্ৰায় ২৫ কেজি ওজনৰ শিহু।
জানিব পৰা মতে, বনাঞ্চলিক কাৰ্যালয়ৰ কাষেৰে বৈ যোৱা জলজলী নদীত উদ্ধাৰ হয় মৃত শিহুটো।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে জলজলী নদীৰে মৃত শিহুটো ভাহি গৈ থকা অৱস্থাত নদীৰ পাৰত খেলি থকা একাংশ কিশোৰে প্ৰত্যক্ষ কৰি শিহুটো পাৰলৈ টানি আনে।
একাংশ সচেতন লোকে ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত শিহুটো কাৰ্যালয়লৈ আনে।
ইপিনে শিহুৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ’ ডিম্পী বৰা উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰে।
তদুপৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত শিহুটো গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও বকোৰ মালিবাৰী আৰু কলহী নদীতো বিলুপ্তপ্ৰায় শিহুৰ মৃত্যু হৈছিল।