জলপথেৰে বাংলাদেশলৈ পশুধন সৰবৰাহৰ চেষ্টা, আৰক্ষীৰ অভিযানত জব্দ ২২টা চোৰাং গৰু…
June 12, 2021জলপথেৰে বাংলাদেশলৈ অব্যাহত আছে পশুধন সৰবৰাহ।
দুই পৃথক স্থানৰ পৰা আৰক্ষীয়ে অভিযান চলাই ২২টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়৷
দক্ষিণ শালমাৰা থানাৰ অন্তর্গত বাচিৰচৰত শুকুৰবাৰে পুৱা প্রায় ৭ বজাত আৰক্ষীয়ে গোপন সূত্রৰ ভিত্তিত অভিযান চলায়৷
ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অতুল ৰায় প্রধানীয়ে নদীৰ মাজৰ পৰা নাওসহ ১০টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়৷
গৰুকেইটাৰ ভৰি বান্ধি নাওত উঠাই বাংলাদেশলৈ নিয়া অৱস্থাত আৰক্ষীয়ে জব্দ কৰে৷
আৰক্ষীক দেখি সৰবৰাহকাৰী দলটো নাও এৰি পলায়ন কৰাত আৰক্ষীয়ে গৰুকেইটা উদ্ধাৰ কৰে৷
ইফালে, ফকিৰগঞ্জ থানাৰ অন্তর্গত পোদাদাৰ ভিটা গাঁৱত যোৱানিশা প্রায় ১১ বজাত ফকিৰগঞ্জ আৰক্ষীয়ে আন এক পৃথক অভিযানত ১২টা চোৰাং গৰু জব্দ কৰে৷
চোৰাং সৰবৰাহকাৰীয়ে গৰুকেইটা বাংলাদেশলৈ নিয়াৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গৰুকেইটা জব্দ কৰে।