জামিন লাভ কৰিলে পশু খাদ্য কেলেংকাৰিত কাৰাবাস খাটি থকা লালু প্ৰসাদ যাদৱে

April 17, 2021 0 By Biraj Kalita

দীৰ্ঘদিনৰ অন্তত আজি জামিন পালে লালু প্ৰসাদ যাদৱে।

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ নেতাগৰাকীয়ে পশু খাদ্য কেলেংকাৰিত কাৰাবাস খাটি আছিল।

পশু খাদ্য কেলেংকাৰিত দুমকা কোষাগাৰৰ পৰা ৩.১৩ কোটি টকা উলিওৱা গোচৰৰে আজি জামিন প্ৰদান কৰা হয়।

ৰাঁচী উচ্চ ন্যায়ালয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জামিন মঞ্জুৰ কৰে।

ইতিপূৰ্বে পশু খাদ্য কেলেংকাৰিৰ অন্য কেইটা গোচৰৰ জামিল লাভ কৰিছিল লালু প্ৰসাদ যাদৱে।