Fri. Oct 23rd, 2020

মুকলি আকাশৰ তললৈ আহিল বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী।

বোম্বে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে বলিউডত ড্ৰাগছৰ সৰবৰাহৰ সৈতে নাম সাঙুৰ খোৱা অভিনেত্ৰীগৰাকীৰ।

অৱশ্যে তেওঁৰ ভাতৃ সৌৱিক চক্ৰৱৰ্তীৰ জামিন আবেদন খাৰিজ কৰা হৈছে।

এন চি বিয়ে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে সম্পৰ্কিত ড্ৰাগছৰ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী গৰাকীক।

উল্লেখ্য যে, আদালতৰ নিৰ্দেশ অনুসৰি বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব অভিনেত্ৰী গৰাকীয়ে।

১ লাখ টকাৰ ব্যক্তিগত ব’ণ্ডৰ বিনিময়ত ৰিয়া চক্ৰৱৰ্তীক জামিন দিয়ে আদালতে।

ন্যায়ালয়ে ৰায়দান কৰি কয়, ‘মুকলি কৰি দিয়া ১০ দিনলৈকে ৰিয়াই আৰক্ষী থানালৈ আহি নিজৰ উপস্থিতিৰ কথা অৱগত কৰাব লাগিব, পাছপোৰ্ট জমা দিব লাগিব। মুম্বাই এৰিবলগীয়া হ’লে তদন্তকাৰী বিষয়াক অৱগত কৰিব লাগিব।’