জিঅ’ গ্ৰাহকলৈ সুখৱৰ! ১ জানুৱাৰীৰ পৰা বিনামূলীয়া হ’ব ৰিলায়েঞ্চ জিঅ’ৰ সেৱা
December 31, 2020নৱবৰ্ষত জিঅ’ গ্ৰাহকলৈ সুখৱৰ।
পুনৰ এবাৰ ৰিলায়েঞ্চ জিঅ’য়ে প্ৰদান কৰিব বিনামূলীয়া সেৱা।
১ জানুৱাৰীৰ পৰা বিনামূলীয়া হ’ব ৰিলায়েঞ্চ জিঅ’ৰ সেৱা।
জিঅ’ চাবস্ক্ৰাইবাৰ সকলে ১ জানুৱাৰীৰ পৰা ফ্ৰী ভইচ ক’ল সেৱাৰ লাভ উঠাব পাৰিব।
ৰিলায়েন্স জিঅ’ৰ পৰা যিকোনো নেটৱৰ্কলৈ আনলিমিটেড ফ্ৰী কলৰ সুবিধা লাভ কৰিব গ্ৰাহক সকলে।
পুৰণি বছৰৰ শেষ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে আন নেটৱৰ্কলৈ ফোনকল চাৰ্জ তুলি দিয়াৰ কথা ঘোষণা কৰিছে ৰিলায়েন্স জিঅ’ই।
শুকুৰবাৰে TRAIয়ে ব্যৱস্থাৰ সলনি কৰাৰ পাছতে জিঅ’ই এই সুবিধা পুনৰ ফিৰাই আনিছে।
বৃহস্পতিবাৰে ৰিলায়েঞ্চ জিঅ’ই এই কথা জনাবলৈ দিয়ে। ৰিলায়েঞ্চ জিঅ’ কতৃপক্ষই জানিবলৈ দিয়ে যে off-net domestic voice calls সম্পূৰ্ণ বিনামূলীয়া হ’ব। অৰ্থাত আই ইউ চিৰ ( interconnect usage charges) ৰ সেৱা শেষ হোৱাৰ পিছত এই কল সমূহ ফ্ৰী হৈ যাব ।