জিলা প্ৰশাসনৰ কঠোৰ সিদ্ধান্ত, পুনৰ হাতত লাগিব কোৱাৰেণ্টাইন মোহৰ…
July 17, 2021ক’ভিডক লৈ কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।
ক’ভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত।
এতিয়াৰে পৰা পুনৰ হাতত লগোৱা হব কোৱাৰেণ্টাইন মোহৰ।
অহা ১০ দিনৰ ভিতৰতে ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে কোৱাৰেণ্টাইন মোহৰ লগোৱাৰ সিদ্ধান্ত।
নিৰ্দেশ অনুসৰি, ক’ভিডৰ আৰ টি পি চি আৰ কৰাৰ পাছত ফলাফল ওলোৱাৰলৈ সংক্ৰমণ ৰোধৰ স্বাৰ্থত মোহৰ মৰা হ’ব।
কামৰূপ মহানগৰত বৃদ্ধি হোৱা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা পজিটিভ ৰোগীক গৃহ আচুঁতীয়াকৰণৰ অনুমতি দিয়াত অধিক সচেতন হ’ব জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ৷
— NHM Kamrup Metropolitan (@MetroNhm) July 16, 2021
A review meeting held under chairmanship of Sri Biswajit Pegu @DCKamrupMetro today. @SharmisthaBora1 @nhm_assam pic.twitter.com/ZMIai9ejzI
ফলাফল নিদিয়া পৰ্যন্ত হোম কোৱাৰেণ্টাইন হৈ থাকিব লাগিব লোকগৰাকী।
এই সময়ছোৱাত স্বাস্থ্য কৰ্মী আৰু আৰক্ষীৰ কঠোৰ নিৰিক্ষণত ৰখা হব।
আনহাতে কভিডৰ দুটা ড’জ প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো সকলো লোকেই বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচনত ক’ভিড চেষ্ট কৰাটো বাধ্যতামূলক।
এই নিৰ্দেশনা কামৰূপ মহানগৰ জিলা পৰিসৰত কঠোৰ ভাৱে পালন কৰা হব বুলি সদৰি কৰে উপায়ুক্ত বিশ্বজিৎ পেগুৱে।