জুৱাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত আটক হ’ল স্বয়ং আৰক্ষী বিষয়া…

June 7, 2021 0 By Biraj Kalita

পুনৰ অসম আৰক্ষীত কালীমা সানিলে স্বয়ং আৰক্ষী বিষয়াই।

জুৱাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত আটক হ’ল ASI।

আটক হ’ল চামগুৰি থানাৰ ASI গিয়াচুদ্দিন আহমেদ।

জুৱাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত আটক হ’ল ধৃত আৰক্ষী সহকাৰী উপ পৰিদৰ্শক গীয়াছুদ্দিন আহমেদ।

১৮ হাজাৰ টকা লৈ জুৱাৰীক এৰি দিয়াৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সহকাৰী উপ পৰিদৰ্শক গৰাকীক।

উৎকোচ দাবী কৰা এটা অডিঅ’ ক্লিপৰ ওপৰত ভিত্তি কৰি সোধপোচৰ বাবে আটক কৰিছে আৰক্ষী বিষয়াজনক।

ইতিমধ্যে চামগুৰি আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শকজনক নিলম্বন কৰিছে নগাঁও আৰক্ষী অধীক্ষকে।