জেহাদীক আশ্ৰয় দিয়া মাদ্ৰাছাৰ অধ্যক্ষ মামিনুল ৰছিদক আটক…

March 8, 2022 0 By Biraj Kalita

জেহাদৰ জাল পেলোৱা বাংলাদেশী মহম্মদ সুমনক আশ্ৰয় দিয়া মাদ্ৰাছাৰ অধ্যক্ষ মামিনুল ৰছিদক আটক।

যোৱা ৫ মাৰ্চত বৰপেটা জিলাৰ অসম আৰক্ষীৰ বিশেষ শাখাই বৰপেটা আৰক্ষীৰ সহযোগত মৌলবাদী সংগঠন ‘অল কায়দা ইন দি ইণ্ডিয়ান ছাবকণ্টিনেণ্ট’ৰ পাঁচজনকৈ সদস্যক গ্ৰেপ্তাৰ কৰে।

মৌলবাদী সংগঠনটোৰ সদস্যকেইজনক গ্রেপ্তাৰৰ পিচতে আৰক্ষীয়ে আদালতত হাজিৰ কৰি সাত দিনৰ বাবে নিজৰ জিম্মাত লয়।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা মৌলবাদী সংগঠনটোৰ সদস্যকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে হাউলীৰ হাজীপাৰা গাঁৱৰ মামিনুল ৰছিদক আটক কৰিছে।

মামিনুল ৰছিদ বৰপেটাৰ হাউলীৰ যশিহাটীপাৰা গাঁৱত অৱস্থিত শাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্রাছাখনৰ অধ্যক্ষ।

উক্ত মাদ্ৰাছাখনতে ২০১৯ চনৰ পৰা শিক্ষকতা কৰাৰ ছলেৰে জেহাদৰ তৎপৰতা বৃদ্ধিত জড়িত আছিল বাংলাদেশী নাগৰিক মহম্মদ সুমন।

ইয়াৰ ভিত্তিতেই মামিনুল ৰছিদ নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষগৰাকীক যোৱা নিশা সোধা-পোছাৰ বাবে আটক কৰে বৰপেটা আৰক্ষীয়ে।

এটা সূত্ৰৰ পৰা জানিব পৰামতে কলকাতাৰ পৰা ৰে’লেৰে আহি থকা সময়ত মহম্মদ সুমনৰ লগত ৰে’লতেই সাক্ষাৎ ঘটিছিল মামিনুল ৰছিদৰ। নিজকে দেও বন্দৰত অধ্যয়ন কৰাৰ লগতে পশ্চিমবংগৰ লোক আৰু অনাথ বুলি পৰিচয় দিছিল সুমনে।

জানিব পৰা মতে, এন আই এ আৰু চেণ্ট্ৰেল আই বিৰ দুটা দলে বৰপেটাত বাহৰ পাতি আটক কৰা মৌলবাদী সংগঠনটোৰ পাঁচজন সদস্যক পৃথকে পৃথকে জেৰা চলাই আছে।

ইতিমধ্যে বহু তথ্য লাভ কৰা অনুসন্ধানকাৰী সংস্থা দুটাই সমগ্র বিষয়টো পুংখানুপুংখভাৱে চোৱা-চিতা কৰিছে।