জৰাজীৰ্ণ দলং বিধ্বস্ত, দুৰ্ঘটনাত পতিত ইটা কঢ়িওৱা ট্ৰাক

January 29, 2022 0 By NEWS DESK

নিউজ ডেস্ক। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত দুৱাৰবাগৰি দেউথৰ আৰক্ষী চকীৰ অন্তৰ্গত আৰলং চুহু গাঁৱৰ কেংচেথাং দলঙখনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই এখন ইটা ভৰ্তি ডাম্পাৰ দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোৰ ফলত চালক আৰু হেণ্ডিমেনজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

উক্ত ডাম্পাৰখনে তিনিহাজাৰ ইটা কঢ়িয়াই লৈ যোৱা বুলি জানিব পৰা গৈছে।

উক্ত স্থানৰ অস্থায়ী দলংখন অতি সোনকালে মেৰামতি কৰি ৰাইজে চলাচল কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে অনুৰোধ জনাইছে।

এই একমাত্ৰ দলঙখনেৰে উক্ত অঞ্চলটোৰ বহুকেইখন ৰাইজে অহা-যোৱা কৰে।

এক কথাত ক’বলৈ গ’লে এই দলঙখনেই অঞ্চলটোৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থা আছিল।

দলঙখনৰ এনে দুৰৱস্থা হোৱাত অঞ্চলটোৰ ৰাইজ এতিয়া উপায়ন্তৰ হৈ পৰা পৰিলক্ষিত হৈছে।

লগতে চাওকঃ

কন্যাৰ বিয়াৰ যা-যোগাৰ চলাই থকাৰ মাজতে কৰ্তব্যৰত অৱস্থাত মৃত্যু আৰক্ষী বিষয়া পিতৃৰ