জৰাজীৰ্ণ পথৰ বাবে দুৰ্ঘটনাত পতিত স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা টেম্পো

September 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নগাঁও জিলাৰ কলিয়াবৰৰ নলতলিত ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা টেম্পো দুৰ্ঘটনাত পতিত হয়।

আমবাগানৰ পৰা কেন্দ্ৰীয় বিদ্যালয়লৈ গৈ আছিল টেম্পোখন।

দুৰ্ঘটনাগ্ৰস্থ টেম্পোখনৰ নম্বৰ এএছ ০২চি চি২৯১১।

পথত হোৱা দ গাঁতৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।

টেম্পোখনে পথৰ মাজত সৃষ্টি হোৱা দ গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই উলটিখাই পৰে টেম্পোখন।

স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহসকলক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।