ঝাৰখণ্ডত কৰ্মৰত অসমৰ CRPF জােৱান ৰতন দাসৰ ৰহস্যজনক মৃত্যু…

July 11, 2021 0 By Biraj Kalita

ঝাৰখণ্ডত কৰ্মৰত অসমৰ CRPF জােৱান ৰতন দাসৰ ৰহস্যজনক মৃত্যু।

বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ অহোপা (নাহৰবাৰী) গাঁৱৰ CRPFৰ জোৱান গৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

গাঁৱখনৰ সৰ্বেশ্বৰ দাসৰ কনিষ্ঠ পুত্ৰ ৰতন দাস (৪২) নামৰ জোৱানজনে ঝাৰখণ্ডৰ গিৰিধ জিলাৰ মধুবনত চিআৰপিএফৰ ১৫৪ নং বেটেলিয়নৰ শিবিৰত কৰ্মৰত আছিল।

কিন্তু বৃহস্পতিবাৰে দিনৰ ভাগত মূৰত গুলীয়াই আত্মহত্যা কৰা বুলি কৰ্মৰত স্থানৰ পৰা বিভাগীয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।

অবশ্যে পৰিয়ালৰ লোকে এই ঘটনাটোক সহজভাৱে মানি লব পৰা নাই।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি অতি নম্ৰ আৰু অমায়িক স্বভাৱৰ ৰতনে সদায় হাঁহি-ধেমালিৰে পৰিয়ালৰ সৈতে কথা বতৰা পাতি আহিছিল। আনকি মৃত্যুৰ দিনাও পুৱা পৰিয়ালৰ লোকৰ সৈতে ফোনত কথা পাতিছিল বুলি পৰিয়ালৰ লোকে সদৰি কৰে।

পৰিয়ালৰ লোকে জোৱানজনক তেওঁৰে সতীৰ্থই‌ কৰ্মস্থানতে গুলীয়াই হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ শনিবাৰে জোৱানজনৰ মৃতদেহ বিমানযোগে ঝাৰখণ্ডৰ পৰা ঘৰলৈ অনা হয়।

২০০৩ চনতে চিআৰপিএফত ভৰ্তি হোৱা ৰতনে ৬ মাহ পূৰ্বে ঘৰৰ পৰা গৈ ঝাৰখণ্ডৰ মধুবনৰ উক্ত শিবিৰত যোগদান কৰিছিল। ইতিমধ্যে ৰতনে নিজৰ বিয়াৰ বাবেও সকলো প্ৰস্তুতি চলাই অহা আহিন মাহত ঘৰলৈ ছুটীত আহি বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল৷

ইপিনে মৃতদেহৰ সৈতে তেওঁৰ মোবাইল ফোন আৰু চিআৰপিএফৰ কোনো উচ্চপদস্থ বিষয়া অহা নেদেখি বিষয়টো অধিক ৰহস্যঘন কৰি তোলাৰ লগতে পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে মৃতদেহটো চমজি নোলোৱাৰ হুংকাৰ দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

পিছত বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস আৰু আৰক্ষীৰ লোক উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।