টংলা বগলী হত্যাঃ পুনৰ পৌৰসভাৰ দুজন কৰ্মচাৰীক গ্ৰেপ্তাৰ…
July 3, 2021টংলা পৌৰসভাৰ নিৰ্মম বগলী হত্যাৰ প্ৰসংগ।
বৃহস্পতিবাৰে টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়া শান্তনু দাসকে ধৰি ৩জনক টংলা বন বিভাগৰ বিট অ’ফিচে গ্ৰেপ্তাৰ কৰাৰ পিছতে শনিবাৰে পুনৰ পৌৰসভাৰ দুজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।
বন বিভাগে গ্ৰেপ্তাৰ কৰা কৰ্মচাৰী দুগৰাকী হ’ল ৰাজু বাছফৰ আৰু খগেন ডেকা।
ঘটনা সন্দৰ্ভত এই পৰ্যন্ত পাঁচগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখযোগ্য যে ২৬ জুনত টংলা পৌৰসভাৰ অন্তৰ্গত ১ নং ওৱাৰ্ডৰ লোকজীৎ সুতাৰৰ বাঁহ গছ কটাৰ ফলত শতাধিক বগলীৰ লগতে পানীকাউৰী মৃত্যু মুখত পৰিছিল।