টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা দাস, আঘাতৰ বাবে ভাগ ল’ব নোৱাৰিব অন্তিমখন খেলত…

June 30, 2021 0 By Biraj Kalita

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল ধিং এক্সপ্ৰেছ হিমা দাস।

হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে মঙলবাৰে অন্তিমখন মহিলাৰ ৪×১০০ ৰীলেত অংশ ল’ব নোৱাৰিলে হিমা দাস।

আঘাতৰ বাবে হিমা দাসক মহিলাৰ ৪×১০০ ৰীলেত ভাগ লব নিদিলে এথলেটিকছ ফেডাৰেছনে।

শেষ মুহূৰ্তত পোনপটীয়া সুযোগত হিমা দাস টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ  হ’ল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আঘাতেৰে মহিলাৰ ব্যক্তিগত ২০০ মিটাৰৰ ফাইনেলৰ বাবে ট্ৰেকত নামিছিল হিমা দাসে। যাৰ ফলত খেলুৱৈগৰাকীৰ  আঘাট জটিল হৈ পৰে।

পঞ্চম স্থানতহে দৌৰ সম্পূৰ্ণ কৰে হিমাই৷

টকিঅ’লৈ যোগ্যতা অৰ্জনৰ সময়সীমা আছিল ২২.৮০ ছেকেণ্ড৷ ২৫.০৩ ছেকেণ্ডতহে দৌৰ সম্পূৰ্ণ হিমাৰ৷

উল্লেখ্য যে, পাটিয়ালাত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-৪ত অনুষ্ঠিত ২০০ মিটাৰ মহিলাৰ ফাইনেলত অসমৰ হিমা দাসে তামিলনাডুৰ এছ ধনলক্ষ্মীক পৰাস্ত কৰিছিল।

অৱশ্যে, তেওঁ তেতিয়াও টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল। হিমা দাসে ২২.৮৮ ছেকেণ্ডত সীমা অতিক্ৰম কৰে, মাত্ৰ ০.০৬ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ হেৰুৱায়।