টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন উত্তৰ-পূবৰ আন এগৰাকী মহিলাৰ…

June 13, 2021 0 By Biraj Kalita

উত্তৰ-পূব বাসীৰ বাবে আ এক ভাল খবৰ।

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন উত্তৰ-পূবৰ গৌৰৱ ভাৰতৰ তাৰকা মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৱে।

৪৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মীৰাবাঈ চানুৰ অলিম্পিক যোগ্যতা সন্দৰ্ভত আন্তৰ্জাতিক ভাৰোত্তোলন ফেডাৰেশ্যনে (আইডব্লিউএফ) শনিবাৰে নিশ্চিত কৰিছে।

২০১৭ চনৰ বিশ্ব চেম্পিয়ন চানুৱে এপ্ৰিলত তাচখন্দত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ক্লিন এণ্ড জাৰ্কত বিশ্ব অভিলেখ গঢ়ি ব্ৰঞ্জৰ পদক অৰ্জন কৰি টকিঅ’ত নিজৰ স্থান সুৰক্ষিত কৰিছে।

মণিপুৰৰ ২৬ বছৰীয়া যুৱতীগৰাকীয়ে আইডব্লিউএফৰ এবচলুট ৰেংকিং তালিকাত নিজৰ স্থিতিৰ ভিত্তিত যোগ্যতা অৰ্জন কৰিছে।

ভাৰতীয় লিফ্টাৰে ৪৯ কিলোগ্ৰাম শাখাত ৪,১৩৩,৬১৭২ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে।

চানু আগতে চতুৰ্থ স্থানত আছিল কিন্তু উত্তৰ কোৰিয়াই অলিম্পিকৰ পৰা প্ৰত্যাহাৰ কৰাৰ পিছত ভাৰতক দ্বিতীয় স্থানলৈ উন্নীত কৰা হৈছিল।

ৰিঅ’ত হতাশাজনক প্ৰদৰ্শনৰ পাছত দ্বিতীয়বাৰৰ বাবে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে চানুৱে।