টিকটৰ বাবে নিৰ্বাচনৰ আগত ৫ কােটি, পাছত ৫ কােটি দিব লাগিব প্ৰাৰ্থীয়েঃ আজমল

November 10, 2020 0 By NEWS DESK

নিউজ ডেস্ক। নিৰ্বাচনত দলীয় পূঁজি বৃদ্ধিৰ বাবে কােনাে-কােনাে দলে মুকলিকৈ নাইবা গােপনে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পৰা দান-বৰঙনি বিচৰাটাে কােনাে নতুন কথা নহয়।

কিন্তু শ শ দলীয় সমৰ্থকৰ উপস্থিতত মুকলিকৈ দলৰ টিকট পাবলগীয়া নেতাৰ পৰা টিকটৰ বিনিময়ত কােটি টকা আদায় কৰিব বুলি হয়তাে পূৰ্বতে কােনেও ঘােষণা কৰাৰ নজিৰ নাই।

কিন্তু এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে এখন দলীয় সভাত টিকটৰ বিনিময়ত দলীয় প্ৰাৰ্থীয়ে ১੦ কােটি টকা দিব লাগিব বুলি ঘােষণা কৰিছে।

UB Photos

উল্লেখ্য যে হাইলাকান্দিৰ বাইপাছত অনুষ্ঠিত এক কৰ্মীসভাত এ আই ইউ ডি এফৰ মুৰব্বীজনে এই ঘােষণা কৰিছে।

এই সভাত এ আই ইউ ডি এফৰ মুৰব্বীজনে মুকলীকৈ ঘোষণা কৰে যে হাইলাকান্দিত দলীয়া প্ৰাৰ্থিত্ব লাভৰ বাবে ১০ কোটি টকা প্ৰাৰ্থীয়ে দিব লাগিব।

UB Photos

আজমলে কয় যে হাইলাকান্দিত ছুপাৰস্পেচিয়েলিটি হাস্পতাল নিৰ্মাণ কৰা হ’ব।

ইয়াৰ বাবে নিৰ্বাচনৰ পূৰ্বে পাঁচ কোটি আৰু নিৰ্বাচনৰ পাছত পাঁচ কোটি টকা আদায় দিব লাগিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

ইপিনে, দলৰ মুৰব্বীৰ এনে উদ্ভট প্ৰস্তাৱত উপস্থিত দলীয় কৰ্মীসকলৰ মাজত সমালোচনাৰো ঢৌ উঠে।

স্বয়ং দলৰ মুব্বীয়ে টকাৰ বিনিময়ত মুকলিকৈ টিকট ‘বিক্ৰী’ প্ৰস্তাৱ দিলে দলীয় মহললৈ কি বাৰ্তা যাব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।