টি আৰ পি কেলেংকাৰীত গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ চি ই অ’ বিকাশ খানচান্দনিক!
December 13, 2020দেশৰ আগশাৰীৰ সংবাদ মাধ্যম ৰিপাব্লিক টিভিৰ যেন বেয়া দিন চলিছে।
ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰাৰ পাছত এইবাৰ টিআৰপি কেলেংকাৰীত এইবাৰ ক্ৰাইম ইণ্টেলিজেন্স ইউনিটে মুম্বাইস্থিত নিজ বাসগৃহৰ পৰা আটক কৰিছে ৰিপাব্লিক টিভিৰ চি ই অ’ বিকাশ খানচান্দানিক।
দেওবাৰে ৰাতিপুৱা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিআঅঅ’ গৰাকীক ।
ঘটনা সন্দৰ্ভত ১৩ জন লোকক আটক কৰা হৈছে।
মুম্বাই আৰক্ষীয়ে ৬ অক্টোবৰত টিআৰপি গোচৰত এখন এজাহাৰ ৰুজু কৰিছিল।
হাংচা গৱেষণা বিষয়া নিটিন দেবকাৰৰ অভিযোগৰ পিছত তদন্ত আৰম্ভ কৰিছিল মুম্বাই আৰক্ষীয়ে।
মুম্বাই পুলিচে অভিযোগ কৰা টি আৰ পি কেলেংকাৰীত নৱেম্বৰত আদালতত চাৰ্জশ্বীট দাখিল কৰিছিল।