টেম্প’ত যাত্ৰা কৰা মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিলে চিলনী চােৰে

August 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নলবাৰীত চিলনী চোৰৰ তাণ্ডৱ।

মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন।

নলবাৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মাত্ৰ কিছু নিলগত সংঘটিত হ’ল এই চাঞ্চল্যকৰ চুৰি কাণ্ড।

বাণিকুছিৰ পৰা নলবাৰীলৈ টেম্প’ৰে আহি থকা অৱস্থাত দিনদুপৰতে মানুহেৰে গিজগিজাই থকা ৰাজপথত মহিলাগৰাকীৰ ডিঙিৰ পৰা বাইক আৰোহী যুৱকে থপিয়াই নিলে ডিঙিৰ পৰা সোণৰ চেইন।

টেম্প’ৰ পিছে পিছে আহি থকা দুই যুৱকে বাণিকুছিৰ মিনাক্ষী বৰ্মন নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ভুক্তভোগী মহিলাগৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানাত এটা গোচৰ দাখিল কৰিছে।