টেম্পো আৰু বাইকৰ মাজত ভয়ংকৰ সংঘৰ্ষ, থিতাতে নিহত এজন…
June 26, 2021এক শোকাৱহ পথ দুৰ্ঘটনা।
বাক্সা জিলাৰ তামুলপুৰৰ দ্বাৰকুছিত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো।
তামুলপুৰৰ দিশৰ পৰা ৰঙিয়া অভিমুখী টেম্পো আৰু গুৱাহাটীৰ পৰা তামুলপুৰ অভিমুখী বাইকৰ মাজত সংঘটিত হয় মুখামুখী সংঘৰ্ষ।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাইক আৰোহি ৩০ বছৰীয়া বাপুকণ দাস নামৰ এজন যুৱক।
বাপুকণৰ ঘৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বাৰকুছিৰ পঠালিকুছিত।
বাপুকণ গুৱাহাটীৰ পৰা পঠালিকুছিৰ নিজ গৃহলৈ আহি থাকোঁতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লয়।