ট্ৰাকৰ খুন্দাত নিহত বন সুৰক্ষা বাহিনীৰ ২ জোৱান

October 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কলিয়াবৰৰ আমগুৰিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোকৰ থিতাতে মৃত্যু হয়।

নিহত দুজনক অসম বন সুৰক্ষা বাহিনীৰ জোৱান বুলি চিনাক্ত কৰা হৈছে।

লোক দুজন হ’ল মধু চন্দ্ৰ ডেকা আৰু ৰূপজ্যোতি বৰা। তেওঁলোকৰ ঘৰ ওদালগুৰি আৰু নগাঁৱৰ পুৰণিগুদামত।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, জখলাবন্ধাৰ সমীপৰ চিকনিস্থিত ২য় অসম বন সুৰক্ষা বাহিনীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মস্থলীলৈ এ এছ০২আৰ৪৬৮৯ মটৰ চাইকেলেৰে দুয়োজনে গৈ থকা অৱস্থআত ডব্লিউ বি১১বি৬৪৯৬ নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকে খুন্দিওৱাৰ ফলত দুয়োজন জোৱান নিহত হয়।

ইতিমধ্যে ট্ৰাকখন আৰু চালকক জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছে।