ট্ৰাকৰ গােপন কেবিনত লুকুৱাই সৰবৰাহ কৰা ৪০ লাখ টকা মূল্যৰ গাঞ্জা জব্দ
September 23, 2021নিউজ ডেস্ক। যুৱ প্ৰজন্মক ধ্বংসৰ দিশলৈ ঠেলি দিয়া নিচাজাতীয় পদাৰ্থৰ সৰবৰাহৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কঠােৰ পদক্ষেপ হাতত লৈছে অসম আৰক্ষীয়ে।
অসম আৰক্ষীৰ ড্ৰাগছ বিৰােধী অভিযানৰ মাজতে বুধবাৰে বিয়লি কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী চুৰাইবাৰীত এক অভিযান চলাই আৰক্ষীয়ে ৪০ লাখ টকা মূল্যৰ ৪২৫ কেজি গাঞ্জা।
চুৰাইবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিণ্টু শীলৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এন এল ০১ এ ডি-৫৭৫০ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।
জানিব পৰা মতে, আগৰতলাৰ পৰা মহাৰাষ্ট্ৰলৈ বুলি নি থকাৰ সময়তে আৰক্ষীয়ে ট্ৰাকখন চালকৰ আসনৰ ওপৰৰ ফালে বিশেষভাৱে নিৰ্মিত এটা চেম্বাৰত লুকাই অনা ভাঙৰ পেকেটসমূহ জব্দ কৰে।
এই সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক চনিল নিকাৰক গ্ৰেপ্তাৰ কৰে।
In another major recovery by alert team of Churaibari WP, a whopping 425 kgs of suspected ganja was found secretly concealed in an overhead compartment above the driver's seat of a container vehicle.
— Karimganj Police (@karimganjpolice) September 22, 2021
Drug traffickers may act smart, but won't be able to escape our hawk eyes! pic.twitter.com/4uMxrVOHjy
আটকাধীন ট্ৰাকচালকজনে এই ভাঙৰ পেকেটসমূহ মহাৰাষ্ট্ৰলৈ লৈ যোৱাৰ বাবে তেওঁক গতাই দিয়া হৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে যদিও এই বৃহৎ পৰিমাণৰ ভাং কাৰ তত্ত্বাৱধানত পঠাই দিয়া হৈছে তাৰ কোনো সঠিক তথ্য দিব নোৱাৰিলে।