ট্ৰাকৰ চালকক লুট কৰি পলায়ন হেণ্ডিমেনৰ! এজাহাৰ দাখিল

February 16, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ নিজৰ ট্ৰাকৰে হেণ্ডিমেন লুটি নিলে চালকজনক। ট্ৰাকৰ পৰা গুৰুত্বপূৰ্ণ নথিসহ নগদ ৩੦ হাজাৰ টকা লৈ উধাও হ’ল হেণ্ডিমেনজন।

এই ঘটনাৰ স্থান ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঝগ্ৰাৰপাৰ।

এই সন্দৰ্ভত ট্ৰাকৰ চালকজনে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে।

ট্ৰাকচালক ছহিদুৰ ৰহমানে প্ৰকাশ কৰা অনুসৰি, ট্ৰাকখনৰ হেণ্ডিমেন ৰাণা ৰহমানে ৩০ হাজাৰ টকাসহ ট্ৰাকৰ বিভিন্ন প্ৰয়োজনীয় নথিপত্ৰ লৈ উধাও হয়।

ঘটনা সন্দৰ্ভত জানিব পৰামতে ট্ৰাকচালক ছহিদুৰ ৰহমানৰ পৰা হেণ্ডিমেন ৰাণা ৰহমানে গাড়ীৰ ছাবি খোজাত চালকজনে গাড়ীৰ ছাবিপাত দিয়ে।

পিছত ট্ৰাকচালকজনে এই চুৰিকাণ্ডৰ বিষয়ে অৱগত হৈ হতবাক হৈ পৰে।

এই ঘটনাটো সংঘটিত হৈছে গৌৰীপুৰৰ চৌৰৌংগীমোৰত।

উক্ত ঘটনা সংক্ৰান্তত ভুক্তভোগী ট্ৰাকচালক ছফিউৰ ৰহমানে থানাত এখন এজাহাৰো দাখিল কৰিছে বুলি জানিব পৰা গৈছে।