ট্ৰাকৰ সৈতে চুমু বাহনৰ মুখামুখী সংঘৰ্ষ, নিহত ৩

November 24, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ বকো থানাৰ এলেকাধীন শাখাতিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাক আৰু টাটা চুম’ৰ মাজত মুখামুখী সংঘৰ্ষ। দুৰ্ঘটনাত নিহত মহিলাসহ তিনিজন।

থিতাতে নিহত হয় ৰুকছানা আহমেদ নামৰ মহিলাগৰাকী।

ৰুকছানা আহমেদৰ ঘৰ বঙাইগাঁৱৰ কাৱাইটাৰিত বুলি জানিব পৰা গৈছে।

ধূপধৰাৰ বিকালী আদৰ্শ হস্পিতালত মৃত্যু ঘটে ছামছুল আলম আৰু মাহমুদ আলম নামৰ দুজন লােকৰ।

দুয়োৰে ঘৰ লক্ষীপুৰৰ লেজামত বুলি জানিব পৰা গৈছে।

টাটা চুম’খনৰ আন তিনিজন আৰোহী দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত লোককেইজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ নিশাই প্ৰেৰণ কৰা হৈছে।

গুৱাহাটীৰ পৰা গৃহ অভিমুখে গৈ থকা পথতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত পতিত টাটা চুম’খনৰ নম্বৰ এএছ ১৮বি ৫৭৭৪ আৰু ট্ৰাকখনৰ নম্বৰ এনএল ০১এ ই৩৩৯৪।

লগতে চাওকঃ

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অপ্ৰাসংগিকঃ বিদ্যা সাগৰ…