ট্ৰাকৰ সৈতে স্কুটীৰ সংঘৰ্ষ, থিতাতে নিহত এজন

November 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধেমাজিৰ মৰিঢলত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত এজন।

এএছ ২২ জি৫৪৩৮ নম্বৰৰ স্কুটী এখনে এএছ০১ এলচি৬১৯২ নম্বৰৰ ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।

জানিব পৰামতে, পথ দুৰ্ঘটনাটোত স্কুটীখনৰ এজন আৰোহী থিতাতে নিহত হয়।

বৰ্তমানলৈকে দুৰ্ঘটনাত পতিত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও স্কুটীখন ৰুবী চুতীয়া নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে।