ট্ৰাকৰ সৈতে স্কুটীৰ সংঘৰ্ষত নিহত ১

September 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মহানগৰীৰ বোন্দাত অঘটন। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত এজন স্কুটী আৰোহী।

নিহত যুৱকজন হৈছে প্ৰমোদ তমুং।

কেন্দুকুছি নিবাসী প্ৰমোদ তমুঙে এএছ ০১বি বি ২৪৬৫ নম্বৰৰ স্কুটী এখনেৰে চন্দ্ৰপুৰ দিশৰ পৰা নাৰেঙ্গী অভিমুখে আহি থকা সময়ত বোন্দাত বিপৰীত দিশৰ পৰা গৈ থকা ট্ৰাক এখনে স্কুটীখনত খুন্দা মাৰে ফলত স্কুটী আৰোহী যুৱকজন গুৰুতৰভাৱে আঘাটপৰাপ্ত হয়।

লগে লগে স্থানীয় লোকে যুৱজনক চিকিৎসালয়লৈ নিয়ে যদিও আধা বাটতে যুৱকজনৰ মৃত্যু হয়।