ট্ৰাকৰ সৈতে Kia বাহনৰ মুখামুখি সংঘৰ্ষত নিহত ১
November 14, 2021অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বান্দৰদেৱাৰ পিটিচি সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এজন লোক।
তীব্ৰবেগী ট্ৰাক আৰু এখন Kia কােম্পানীৰ বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত Kia বাহনখনৰ চালকগাৰাকী নিহত হয় বুলি জানিব পৰা গৈছে।
নিহত লোকজন অৰুণাচল প্ৰদেশৰ টাই টাছুং বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাগ্ৰহস্ত Kia বাহনখনৰ নম্বৰ এআৰ ০২ এ৭০০৯ আৰু ট্ৰাকখনৰ নম্বৰ এআৰ ০২ আৰ ৪৭২৩।