ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন…

June 24, 2021 0 By Biraj Kalita

ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যুক সাৱটিলে এজন লোকে।

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰতেপুৰত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দূৰ্ঘটনটো।

বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃতকৰ পৰিচয়।

ছয়গাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS-01, JC-7173 নম্বৰৰ ট্ৰাক খনৰ সৈতে গুৱাহাটীৰ পৰা ছয়গাঁও অভিমুখে আহি থকা AS-01, DS-5305 নম্বৰৰ চুইফ ডিজেয়াৰ বাহন খনৰ মুখামুখি সংঘৰ্ষ হয়।

সেই সংঘৰ্ষৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা আহত গছত তীব্ৰ জোৰেৰে খুন্দা মাৰে ট্ৰাকখনে।

যাৰ ফলত ঘটনাস্থলীত থিতাতে নিহত হয় ট্ৰাকৰ চালক জন।

এই মুহূৰ্তলৈকে চালকজনৰ কোনো নাম ঠিকনা উদ্ধাৰ হোৱা নাই যদিও বিজয়নগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্ধৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

বৰ্তমানে ট্ৰকাচালকৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰোৱাই বিজয়নগৰ আৰক্ষীৰ জিম্মাতেই ৰখা হৈছে।