ট্ৰাক চালকক মাৰধৰ কৰি ডকাইতি কৰাৰ অভিযোগ ৰাজ্যৰ বনকৰ্মীৰ বিৰুদ্ধে…

July 26, 2021 0 By Biraj Kalita

ৰাজ্যৰ বনকৰ্মীৰ বিৰুদ্ধে ডকাইতিৰ অভিযোগ এগৰাকী ট্ৰাক চালকৰ।

বহিঃৰাজ্যৰ ট্ৰাক চালক গৰাকীৰ মাৰধৰ কৰি টকা-মোবাইল লুটি নিয়াৰ অভিযোগ কাজিৰঙাৰ বনকৰ্মীৰ বিৰুদ্ধে।

এই ঘটনা সংঘটিত হৈছে কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ কাঞ্চনজূৰীৰ মালানি বনশিবিৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ।

ট্ৰাক চালকৰ অভিযোগ মতে, বোকাখাটৰ পৰা জখলাবন্ধা অভিমুখী GJ 05 AU 4613 নম্বৰৰ ট্ৰেইলাৰ বাহন খন গৈ থকা অৱস্থাত মালানি বনশিবিৰৰ সমীপত শনিবাৰে নিশা দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনা পতিত হোৱাত ট্ৰাক খন কাঞ্চনজুৰিত ঘাই পথৰ কাষতে ৰখাই থোৱা অৱস্থাত সংঘটিত হয় এই ডকাইতিৰ ঘটনা।

বনবিভাগত কৰ্মৰত প্ৰায় ৮/১০ জনীয়া এটা বনকৰ্মীৰ দলে নিশা এই ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলিছে ট্ৰাকচালক গৰাকীয়ে।

চালক জনে জনোৱা মতে, মানি বেগত আছিল ১২ হাজাৰ টকা।

ঘটনা সম্পৰ্কত ধৰ্মেন্দ্ৰ সিঙ নামৰ চালক জনে বাগৰি আৰক্ষী চকীত অভিযোগ দাখিল কৰিছে।