ট্ৰাক-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ২

September 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয়।

জামুগুৰিহাটৰ কুসুমটোলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰবিবাৰে পুৱতি নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়।

কুসুমটোলা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্য্যলয়ৰ সন্মুখত তেজপুৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা এখন ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা গৈ থকা এখন বালি কঢ়িওৱা ডাম্পাৰে মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত ডাম্পাৰখনৰ চালক সোনেন বড়ো থিতাতে নিহত হোৱাৰ বিপৰীতে প্ৰণৱ সোনী আৰু আকৰ তলী নামৰ যুৱক দুজন গুৰুতৰভাৱে আহত হয়।

আহত দুজনক উত্তৰ জামুগুৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জামুগুৰি আৰক্ষীয়ে জানিবলৈ দিয়ে।