ঠিকা দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযােগত গ্ৰেপ্তাৰ এটা প্ৰৱঞ্চক!
July 17, 2021নিউজ ডেস্ক। ঠিকা দিয়াৰ নামৰ বুজন পৰিমাণৰ ধন সত্মসাৎ কৰাৰ অভিযােগত গ্ৰেপ্তাৰ হ’ল এটা প্ৰৱঞ্চক।
হাতীগাঁৱৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মেৰাজ আছিকুৰ ৰহমান নামৰ এই প্ৰৱঞ্চকজনক।
অভিযােগ অনুসৰি, শেহতীয়াকৈ ঠিকা আদায়ৰ নামত বহু কোটি টকাৰ ধন আত্মসাৎ কৰে ধৃত আছিকুৰ ৰহমানে।
ভুক্তভােগী চন্দ্ৰ প্ৰাকশ ৱাৰিয়া নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লােকজনক।
ঘটনা সন্দৰ্ভত আন তিনিজন লোকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
ইফালে জি ডি কাউঞ্চিলৰ চৰকাৰী নামফলক থকা এখন বিলাসী বাহনো জব্দ কৰিছে দিছপুৰ আৰক্ষীয়ে।
এই সংক্ৰান্তত দিছপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে।