ডকাইতি-ধনদাবীৰ সৈতে জড়িত দুজনক আটক আৰক্ষীৰ, বন্দুক জব্দ

September 28, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

এইবাৰ বৈঠালাংছ’ত আৰক্ষীৰ বৃহৎ সাফল্য। বন্দুকসহ দুটা ডকাইতক আটক।

অৱশ্যে এতিয়াও পলাতক তিনিটাকৈ ডকাইত।

জানিব পৰা মতে, দলটোৱে যোৱা ২৫ আগষ্টত এজন স্থানীয় লোকৰ ঘৰত সংঘটিত কৰিছিল ডকাইতি কাণ্ড।

লুটি নিছিল নগদ ৬০ হাজাৰ টকা আৰু দাবী কৰিছিল দহ লাখকৈ টকা।

ধৃত ডকাইত কেইটা ক্ৰমে সঞ্জীৱ তেৰাং আৰু নৃপেন আংঞ্চি। ডকাইত দুটাৰ পৰা তিনিটা হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰে আৰক্ষীয়ে।

ডকাইতৰ দলটােৰ অন্য সদস্যৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।