ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, দুজনকৈ কুখ্যাত ডকাইত গ্ৰেপ্তাৰ…

July 24, 2021 0 By Biraj Kalita

নগৰবেৰাত দুই দুধৰ্ষ ডকাইত আটক।

নিশা আৰক্ষীৰ অভিযানত নগৰবেৰাত আটক হয় দুজনকৈ দুধৰ্ষ ডকাইত।

ধৃত ডকাইতদ্বয় ক্ৰমে-বাঘবৰৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইৰদিয়া গাঁৱৰ আহম্মদ আলীৰ পুত্ৰ আবুল কালাম আজাদ(৩৬) আৰু মাজৰচৰ গাঁৱৰ হুৰমুজ আলীৰ পুত্ৰ কলম আলী(৩৪)।

দুয়ো অঞ্চলটোৰ বিভিন্ন চুৰি-ডকাইতি কাণ্ডৰ সতে জড়িত বুলি আৰক্ষীৰ ভাস্য।

শুক্ৰবাৰে নিশা নগৰবেৰা আৰক্ষীৰ এটা দলে দুয়োজনৰ বিপৰীতে ৰুজু থকা- ১২৮/২০ ,১৫৩/২০ গোচৰৰ ভিত্তিত অভিযান চলাই আলোপতিচৰ আৰক্ষীৰ সহযোগত নিজগৃহৰ পৰা আটক কৰে দুয়োকো।

উল্লেখ্য যে কিছুদিন পূৰ্বে নগৰবেৰাৰ মালাঞ্চাত দিন দুপৰতে এগৰাকী বিড়ি ব্যৱসায়ীৰ পৰা প্ৰায় ৩.৫০ লাখ টকা লুটি নিয়া ডকাইতি কাণ্ডৰ সতেও জড়িত ধৃত ডকাইতদ্বয়।

শনিবাৰৰ পুৱাই দুয়োকে নগৰবেৰা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণৰ দিহা কৰে।