ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান, তিনিদিনীয়াকৈ ৰাজ্যিক শোক ঘোষণা…

April 19, 2021 0 By Biraj Kalita

অসমৰ ৰাজনৈতিক জগতৰ এটা অধ্যায়ৰ পৰিসমাপ্তি।

দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে।

দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে।

তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।

এই সময়চোৱাত ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উত্তোলন কৰা কাৰ্যালয়সমূহত হাফ মাষ্ট কৰা হ’ব ত্ৰিৰংগা।

ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

তেওঁৰ জন্মস্থান বেলশৰত ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ’ব জ্যেষ্ঠ নেতাগৰাকীক।