ডাঙৰ খবৰ! বিজেপিত যোগদানৰ সম্ভাৱনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ…

June 17, 2021 0 By Biraj Kalita

ৰাজ্যৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ।

বিজেপিত যোগদানৰ সম্ভাৱনা মৰিয়নীৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

শুক্ৰবাৰে পুৱা ৮ বজাত ৰাজহুৱা ঘোষণা কৰিব বিধায়কগৰাকীয়ে।

ইতিমধ্যে মৰিয়নীৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে কংগ্ৰেছৰ বিধায়কগৰাকী।

বিগত দুটা দিনে সমষ্টিবাসী-বুথ কমিটীৰ সৈতে বৈঠকত মিলিত হৈছিল বিধায়ক গৰাকী।

সমষ্টিবাসী-বুথ কমিটীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ দিলে সেউজ সংকেত।

কাইলৈ পুৱা ৰাজহুৱা কৰিব কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন কাৰণত ক্ষোভ প্ৰকাশ কৰাৰ পৰিলক্ষিত হৈছিল।