ডাঙৰ খবৰ, মহানগৰীত কৰ’ণাত আক্ৰান্ত হৈ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু

April 10, 2021 0 By Biraj Kalita

ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

ৰাজ্যত কৰ’ণাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি হৈ থকাৰ সময়তে আহিল এক বেয়া খবৰ।

মহানগৰীত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱতিলে এগৰাকী শিক্ষয়িত্ৰীয়ে।

মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম সীমা হাজাৰি।

মহানগৰীৰ গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষয়িত্ৰী গৰাকী।

শুকুৰবাৰে গুৱাহাটীৰ হেলথ্ চিটি হস্পিটেলত মৃত্যু হয় শিক্ষয়িত্ৰী গৰাকীৰ।

শিক্ষয়িত্ৰী গৰাকীৰ স্বামী আৰু সন্তানো সম্প্ৰতি কৰ’ণাত আক্ৰান্ত।

উল্লেখ্য যে, ৫ এপ্ৰিললৈ বিদ্যালয়ত পাঠদান আগবঢ়াইছিল শিক্ষয়িত্ৰীগৰাকীয়ে।

লগতে চাওকঃ

চালকৰ তৎপৰতাৰ বাবেই ৰে’লপথত কথমপি ৰক্ষা পৰিল বনৰীয়া হাতী আৰু পােৱালিৰ