ডাঙৰ খবৰ! ১ জুলাইৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হ’ব বিদ্যুৎ কৰ্তন অভিযানঃ শক্তিমন্ত্ৰী

June 29, 2021 0 By Biraj Kalita

ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ।

১ জুলাইৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হ’ব বিদ্যুৎ কৰ্তন অভিযান।

মঙ্গলবাৰে শক্তিমন্ত্ৰী বিমল বৰাই সাংবাদিকৰ আগত এই কথা সদৰি কৰিছে।

মঙ্গলবাৰে শক্তিমন্ত্ৰী বিমল বৰাই কোকৰাঝাৰ আৰু ধুবুৰী জিলা পৰিভ্ৰমণ কৰে।

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম, ধুবুৰী জিলাৰ ৰাণীগঞ্জ, বিলাসীপাৰা পৰিভ্ৰমণৰ অন্তত মন্ত্ৰী বিমল বৰাই কয় যে, ফকিৰাগ্ৰামত হাজাৰ হাজাৰ লোকে বিদ্যুৎ বিল পৰিশোধ কৰা নাই। ৰাণীগঞ্জত বিদ্যুৎ বিল অনাদায় হৈ থকাৰ পৰিণতিতে একাংশ গ্ৰাহকৰ সংযোগ কৰ্তন কৰিবলৈ যোৱা বিদ্যুৎ কৰ্মীৰ ওপৰত শাৰিৰীক আক্ৰমন পৰ্যন্ত চলিছে।

বিলাসীপাৰাত ৫৪ হাজাৰ গ্ৰাহকৰ ভিতৰত মাথো ৮ হাজাৰ গ্ৰাহকেহে বিদ্যুৎ বিল পৰিশোধ কৰিছে আৰু অদ্যপি ৪২ কোটি টকা বকেয়া ধন পাবলৈ বাকী আছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে সকলোকে সময়মতে বিদ্যুৎৰ বিল পৰিশোধ কৰিবলৈ আহ্বান জনাই।

আগন্তুক ১ জুলাইৰ পৰা ১০ জুলাইলৈ সমগ্ৰ ৰাজ্যত বিল অনাদেয় গ্ৰাহকৰ বিৰুদ্ধে সংযোগ কৰ্তনৰ বিশেষ অভিযান চলোৱা হ’ব বুলিও গুৰুত্বপূ্ৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।