ডাম্পাৰক পিছফালৰ পৰা খুন্দিয়াই বিধ্বস্ত যাত্ৰীবাহী বাহন

October 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কলিয়াবৰৰ মিছা আৰ্মী কেম্পৰ সমীপত পথ দুৰ্ঘটনা।

পুৱাৰ ভাগত কলিয়াবৰৰ মিছা আৰ্মী কেম্পৰ সমীপত ডাম্পাৰ আৰু এচি বাহনৰ মাজত সঘটিত হয় পথ দুৰ্ঘটনা।

এএছ০২বি চি৩২৫২ নম্বৰৰ শিলভৰ্তি ডাম্পাৰ এখনে ব্ৰেক মৰাত তাৰ পিছত থকা এএছ০২চিচি৪৩৯১ নম্বৰৰ এচি বাহনখনত পিছফালৰ পৰা খুন্দা মাৰে।

ফলত এচি বাহনখনৰ চালক খলিল ইছলাম নামৰ ২৪ বছৰীয়া যুৱকজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়।

পিছত ঘটনাস্থলীত মিছা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্ত চালকজনক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।