ডাম্পাৰত অগ্নিকাণ্ড, কথমপি প্ৰাণ ৰক্ষা চালক- কৰ্মচাৰীৰ

September 9, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিজনীৰ চৌৰাগুৰীত অঘটন। শিল-বালি কঢ়িওৱা ডাম্পাৰত অগ্নিকাণ্ড।

কথপি প্ৰাণ ৰক্ষা চালকসহ কৰ্মচাৰীৰ। বিজনীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৌৰাগুৰীত অঘটন।

ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন শিল-বালি কঢ়িওৱা ডাম্পাৰ। নিশা এখন শিল-বালি কঢ়িওৱা ডাম্পাৰত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ড সংঘটিত হোৱা ডাম্পাৰখনৰ নম্বৰ এন এল ০২ এল ৫৪৬৯।

যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডটোত কথমপি প্ৰাণ ৰক্ষা ডাম্পাৰখনৰ চালকসহ কৰ্মচাৰীৰ।

স্থানীয় লোকে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।