ডাম্পাৰৰ খুন্দাত এজনৰ মৃত্যু, ৰাইজৰ উত্তাল প্ৰতিবাদ

February 3, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে একাংশ উদণ্ড ডাম্পাৰ চালকৰ দৌৰাত্ম্য।

শিল, বালি, মাটি ইত্যাদি কঢ়িওৱা এনে একাংশ তীব্ৰবেগী ডাম্পাৰৰ বাবে নিতৌ সংঘটিত হৈছে পথ দুৰ্ঘটনা।

ইপিনে, বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কুমাৰকাটাৰ বৈৰাগীপাৰাত বুধবাৰে পুৱা প্ৰায় ১০ বজাত এখন মাটি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত থিতাতে এজন লোকৰ শোকাৱহ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

মৃত লোকজন বৰপাৰাৰ হুকুৰাম সূত্ৰধৰ বুলি চিনাক্ত কৰ হৈছে।

চাইকেলেৰে ঘৰলৈ গৈ থকাৰ সময়তে AS19 C 8317 নম্বৰৰ মাটি কঢ়িওৱা ডাম্পাৰখনে লোকজনক মহতিয়াই নিয়াৰ ফলতে লোকজনৰ থিতাতে মৃত্যু হয়।

উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ লগতে আন দুখন ডাম্পাৰৰ বিস্তৰ ক্ষতিসাধন কৰে।

পিছত ঘটনাৰ খবৰ লাভ কৰি যোগীঘোপা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

লগতে চাওকঃ

ট্ৰাকে মহটিয়াই নিলে বাইক, নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতাৰ অকাল মৃত্যু