ডিঙিত CAA বিৰোধী গামোচা আঁৰি লৈ শিৱসাগৰৰ জনসভাত ৰাহুল গান্ধী!

February 14, 2021 0 By Biraj Kalita

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমত পদাৰ্পণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

দেওবাৰে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত কংগ্ৰেছ কৰ্মীৰ এখন বিশাল জনসভাত ভাগ লয় ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে ডিঙিত আঁৰি লয় কা বিৰোধিতাৰে শ্লোগান লিখা গামোচা।

চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ লগতে অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু অসম কংগ্ৰেছৰ প্ৰায় সকলো শীৰ্ষ নেতা উপস্থিত থকা সভাখনত ৰাহুল গান্ধীয়ে উপস্থিত জনতাক সম্বোধন কৰি মোডী চৰকাৰৰ লগতে সৰ্বানন্দ সোণোৱাল চৰকাৰক তীব্ৰ সমালোচনা কৰে।

‘কা’ সন্দৰ্ভত স্থিতি মুকলি কৰি ৰাহুল গান্ধীয়ে কয়, ‘অসম ভাৰতৰ এক অংগ। অসমৰ যিকোনো লোকচান ভাৰতৰ বাবে এক লোকচান। ‘কা’ কেতিয়াও বলৱৎ কৰিবলৈ দিয়া নহব। অসমত ‘কা’ বলৱৎ কৰি অসম ধ্বংস কৰিব দিয়া নহ’ব।’

আনহাতে অসম চুক্তিক এক ইছ্যু কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, ‘অসম চুক্তিক সন্মান জনাই চুক্তি ৰূপায়ণৰ বাবে কংগ্ৰেছ দল দায়বদ্ধ। অসমৰ ৰক্ষা কৱচ অসম চুক্তি এক ইঞ্চিও কংগ্ৰেছ দলে হেৰফেৰ নকৰে।’

গান্ধীয়ে লগতে মোদী চৰকাৰে কেৱল বণিয়াৰ কথা চিন্তা কৰে বুলি উল্লেখ কৰে। বিজেপি পুঁজিবাদীৰ দল। কিন্তু কংগ্ৰেছ খাটিখোৱাৰ দল।

বাজেটৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এইবাৰৰ বাজেটত কৃষকৰ বাবে বিশেষ একো নাই, ই অতি লজ্জাজনক বিষয়। অসমৰ মুখ্যমন্ত্ৰীকো কঠোৰ সমালোচনা কৰি ৰাহুল গান্ধীয়ে কটাক্ষ কৰি কয় যে ৰিম’ট কণ্ট্ৰ’লেৰে টিভি চলাব পাৰি, কিন্তু অসমৰ দৰে এখন ৰাজ্য ৰিম’ট কণ্ট্ৰ’লেৰে  চলিবলৈ দিব নালাগে। অসম ৰাজ্য এইজন মুখ্যমন্ত্ৰীৰ দ্বাৰা উপকৃত নহয়। তেওঁ দিল্লী আৰু নাগপুৰৰ কথাত উঠা-বহা কৰে।